次に

Dihinge Disange Dibange by Dikshu in HD দিহিঙে দিচাঙে দিবাঙে Best Assamese Song

7 ビュー· 09/16/26
Assamese Song
Assamese Song
加入者
0
の

Dihinge Disange Dibange (দিহিঙে দিচাঙে দিবাঙে), A modern Assamese song sung by Dikshu.
Casts- Amitabh Rajkhowa, Debashree Gogoi, Pinku Deka & Dikshu,
Music produced by- Dikshu
Lyrics- Ibson Lal Barua

Lyrics of Dihinge Disange by Dikshu:
---------------------------
দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাঁহিৰে

দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাহিৰে
তুমি কাৰ্বি নে তিৱা
তুমি দেউৰী নে ৰাভা
তুমি কোচ নে ডিমাচা অ'
যেনি যাও দিয়াহি ধৰা
চিনি পাও দূৰৈৰ পৰা
হাঁহি মুকুতা সৰা অ'

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

ইখন গাঁৱৰ সীমাতে
সিখন ডাঙৰ জিলাতে
জনজাতি সংস্কৃতি মনেই ভৰি যায়
চহৰ নগৰ ঘূৰোতে মানুহ জাকৰ ভিৰতে
একেই সৰল হাঁহিটিয়ে দোলা দি যায়

কিজানি তাই আমনি পাই
ভয়েই লাগি যায়
কিজানি তাই আতৰি যায়
ভয়েই লাগি যায়

তুমি খাম্তি নে বড়ো
তুমি চিম্ফৌ নে গাৰো
তুমি মেচ নে কছাৰী অ'
যেনি যাঁও দিয়াহি ধৰা
চিনি পাঁও দুৰৈৰ পৰা
হাঁহি মুকুতা সৰা অ'

আপোন কৰি ল’বলৈ
দাপোন সাজি থ’বলৈ
তোমাৰ নামৰ বিপৰিতে উপাধি লগাই
তোমাৰ জাতৰ ন’হলেও
তোমাৰ ভাষা ন’কলেও
অসম দেশৰ ল’ৰা বুলি ল’বা নে চপাই
সমাজে হায় কিয় সদায় পৃথক কৰি যায়
পৰিধি নাই অৱধি নাই
প্ৰেমৰ নদী তাই

তুমি সোণোৱাল নে মিচিং
তুমি ফাকিয়াল নে হাজং
নে তুমি জয়ন্তিয়া ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দুৰৈৰ পৰা
হাহি মুকুতা সৰা ও

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

Dihinge Disange modern Assamese song by Dikshu

もっと見せる

 0 コメント sort   並び替え


フェイスブックのコメント

次に